Tuesday, February 19, 2019

জনমভূমি(Jonombhumi)-নলিনীবালা দেৱী(Nalinibala Devi)

             জনমভূমি

মেলিলো প্ৰথম চকু    তোমাৰ কোলাতে আই 
           জনমৰ আদিম পূৱাত,
মুদিম আকৌ চকু তোমাৰ কোলাতে শুই
          জীৱনৰ শেষ সন্ধিয়াত। 

মৰাৰ পিছতো যেন  পাওহি আকৌ ঠাই 
        চেনেহৰ  শিতলী কোলাত, 
ভাগৰুৱা আতমাই শেষৰ জিৰণি লৈ
         জিৰাবহি তোমাৰ ছাঁয়াত।

পখী হৈ আকাশৰ বুকুত ফুৰিম উৰি, 
            বাঁহ লম ওখ বিৰিখত,
পুৱতিৰ লগে লগে জগাম তোমাক নিতে
           বনৰীয়া সুৱদী গীতত।

আকাশৰ তৰাহৈ ৰ লাগি চাম ৰৈ 
      সেউজীয়া শুৱনি জেউতি, 
জোনাকত মিল হৈ  বিমান পথত ৰৈ 
      ওৰে ৰাতি কৰিম আৰতি।

হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ
       ফুলি ৰম মানসী বিলত, 
মলয়াৰ চোঁৱৰত পাৰিজাত ৰেণু সানি
        ঢুলাম তোমাৰ চৰণত।

নদী হৈ পখালিম দুখানি চৰণ নিতে,
         মাটি হৈ মিলিম বুকুত, 
সোনোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম 
       শেঁতা পৰা দুখনি ওঁঠত।

তোমাৰেই ধুলি বালি তোমাৰ আকাশ বায়ু
         আই মোৰ সৰগত বাস,
তুমি মোৰ মৰতৰ পূণ্য মুকুতিৰ ভূমি
        তুমি মোৰ তীৰ্থৰ প্ৰভাস।

অ' মোৰ চেনেহী দেশ তোমাৰ দুখীয়া পঁজা
         ৰচা তাত শান্তিৰ স্বৰগ;
ক'ত পাম এনে প্ৰতি সৰল প্ৰাণৰ ভাষা
        সেৱাৰ মহিমাময় ত্যাগ।

দুখীয়াৰ ভগা পঁজা একেোখনি তীৰ্থ তাত
        একেখনি পূণ্যৰ আশ্ৰম;
মৰিলে পুণৰ আহি দুখীয়া দেশতে মোৰ 
          লও যেন পুণৰ জনম। 
                                                                              -নলিনীবালা দেৱী

Wednesday, December 19, 2018

পঞ্চ ইন্দ্ৰিয়-কুহিঁপাঠ (kuhipat-assamese-poem) || CRAZY ASSAM ||

পঞ্চ ইন্দ্ৰি


দুই হাত দুই ভৰি
কাম কৰি ফুৰোঁ লৰি |
দুই চকু দুই কাণ
দেখা শুনা চোৱা কাম |
এটা নাক এখন জিভা
গন্ধ আৰু সোৱাদ বা |
ছালত চুলেই গম পাওঁ
পাঁচোটিৰেই সজাগ হওঁ |

Monday, December 17, 2018

ৰঙ (Rang)-কুহিঁপাঠ (kuhipat-assamese-poem) ||CRAZY ASSAM ||

ৰঙ


ৰঙা নীলা হালধীয়া
অকলশৰীয়া,
ৰঙা নীলা মিলি দুয়ো
 বেঙুনীয়া |
ৰঙাৰ সৈতে হালধীয়া
পালোঁ সুমথিৰা,
হালধীয়া নীলা মিলি
= সেউজীয়া |
ৰঙা নীল হালধীয়া
কৰিলে মিহল,
মটীয়া ৰংটি পাবা
ডাঠ বা পাতল

পখিলা (pokhila) -কুহিঁপাঠ (kuhipat-assamese-poem) ||CRAZY ASSAM ||

পখিলা

চোৱাচোন পখিলাটি
     কেনেনো শুৱনি
কেনেনো ধুনীয়া তাৰ
পাখি দুইখনি |

কেতিয়াবা ওপৰত
আকৌ তলত
এটা এৰি বহিছেহি
আনটো ফুলত |

ধৰা তাক বাইদেউ
কৰি যেনেতেনে
পৰিছেহি গোলাপত
পাখি মেলি কেনে |

তাক লবলৈ মোৰ
বৰ মন যায়
ধৰি দিয়া বাইদেউ
যাবগৈ পলায় |

নোৱাৰোঁ ধৰিব তাক
সোণাই হেৰেই
পাখি দুইখনি হ
আহৰি তেনেই |

এবাৰ যদিহে দিওঁ
হাতত তোমাৰ
নেথাকে অকণো শোভা
ব চুৰমাৰ |

দিয়া তেন্তে বাইদেউ
ক গৈ উৰি
সহিব নোৱাৰোঁ মই
যায় যদি মৰি |

ধুনীয়া পখিলাটিক
নকৰিব বেয়া
বপুৰী অকণমানি
কেনে ধেমেলীয়া |

Thursday, December 13, 2018

মৰমৰ আই-কুহিঁপাঠ (kuhipat-assamese-poem) ||CRAZY ASSAM ||

মৰমৰ আই



কোনে মোক তুলি তালি কৰিলে ডাঙৰ
মৌসনা মিঠা মাতে পাহৰি ভাগৰ,
কৰিছিল স্নেহ মোক দুগালত চুমা খাই
-   তেৱে মোৰ পূজনীয়া মৰমৰ আই

চেনেহৰ চকুপানী দাৰেৰে বোৱাই কোনে
মোক ৰাখিছিল বুকুত শুৱাই;
টোপনিত লালকাল মুখখনি চাই
-   তেৱে মোৰ পুজনীয়া মৰমৰ আই 
কান্দিছিলো যেবে নৰিয়াত দুখ পাই ;
একেথিৰে কোনে মুৰ মুখলৈ চাই
মৰু বুলি কান্দিছিল কাঢ়ি হুমুনিয়া
-   তেৱে মোৰ পুজনীয়া মৰমৰ আই 

হইছিলো থিয় যেৱে অত তত ধৰি
পৰিলেনো কোনে গই ততালিকে লৰি;
নিচুকাইছিল মোক নাম গুণ গাই
-   তেৱে মোৰ পুজনীয়া মৰমৰ আই  

Tuesday, December 11, 2018

নোৱাৰো (nuwaru kothati)-কুহিঁপাঠ (kuhipat-assamese-poem) || CRAZY ASSAM||

নোৱাৰো  


নোৱাৰো কথাটি হেৰা বেয়া কথা বৰ
কদাপি নহয় সিটি কথা মানুহৰ,
এলেহুৱা যিটো হয়নোৱাৰো সিটোৱে কয়;
তেনেহলে তুমি কিয় নোৱাৰো বুলিবা?
এলেহুৱা হৈ কিয় জীৱন ধৰিবা?
ভাল নাম পবলৈ যদি কৰা মন,
তেনহলে নুবুলিবা নোৱাৰোঁ বচন 
দহজনে পাৰে যিটোতুমিও পাৰিবা সিটো 
হেন জানি সাহ কৰি প্ৰাণ টাকি কৰা
এক বাৰে নোৱাৰিলে এশ বাৰে কৰা 

Monday, December 10, 2018

মাহবোৰৰ গীত-কুহিঁপাঠ (kuhipat-assamese-poem)||crazy ASSAM||

মাহবোৰৰ গীত


বহাগ মাহত গছৰ ডালত
ফুলে কপৌ ফুল,
জেঠ মহীয়া বেলিৰ তাপত
শৰীৰ বিয়াকুল |

আহাৰ মাহত গছত লাগে
আম কঠাল জাম,
শাঁওন মাহত বৰষুণত
সাধু শুনাই কাম |

ভাদ মাহত মহাপুৰুষ
দুয়জনাৰে তিথি,
আহিন মাহত দুৱৰি বন
হিমত থাকে তিতি |

কাতি মাহত আকাশ বন্তি
জ্বলাও শাৰি শাৰি,
আঘোন মাহত সোনালী ধান
পথাৰ থাকে ভৰি |

পুহমহীয়া জাৰত কপি
নিহালিখন লও,
মাঘ জে আমাৰ ভোগালি মাহ
বিহুৰ পিঠা খাও |

ফাগুন আহে পলাশ ফুলে
পছোৱা বতাহ বয়,
তৰ শেষত নতুন বছৰ
আদৰি লবৰ হল |