Tuesday, December 11, 2018

নোৱাৰো (nuwaru kothati)-কুহিঁপাঠ (kuhipat-assamese-poem) || CRAZY ASSAM||

নোৱাৰো  


নোৱাৰো কথাটি হেৰা বেয়া কথা বৰ
কদাপি নহয় সিটি কথা মানুহৰ,
এলেহুৱা যিটো হয়নোৱাৰো সিটোৱে কয়;
তেনেহলে তুমি কিয় নোৱাৰো বুলিবা?
এলেহুৱা হৈ কিয় জীৱন ধৰিবা?
ভাল নাম পবলৈ যদি কৰা মন,
তেনহলে নুবুলিবা নোৱাৰোঁ বচন 
দহজনে পাৰে যিটোতুমিও পাৰিবা সিটো 
হেন জানি সাহ কৰি প্ৰাণ টাকি কৰা
এক বাৰে নোৱাৰিলে এশ বাৰে কৰা