Monday, December 17, 2018

পখিলা (pokhila) -কুহিঁপাঠ (kuhipat-assamese-poem) ||CRAZY ASSAM ||

পখিলা

চোৱাচোন পখিলাটি
     কেনেনো শুৱনি
কেনেনো ধুনীয়া তাৰ
পাখি দুইখনি |

কেতিয়াবা ওপৰত
আকৌ তলত
এটা এৰি বহিছেহি
আনটো ফুলত |

ধৰা তাক বাইদেউ
কৰি যেনেতেনে
পৰিছেহি গোলাপত
পাখি মেলি কেনে |

তাক লবলৈ মোৰ
বৰ মন যায়
ধৰি দিয়া বাইদেউ
যাবগৈ পলায় |

নোৱাৰোঁ ধৰিব তাক
সোণাই হেৰেই
পাখি দুইখনি হ
আহৰি তেনেই |

এবাৰ যদিহে দিওঁ
হাতত তোমাৰ
নেথাকে অকণো শোভা
ব চুৰমাৰ |

দিয়া তেন্তে বাইদেউ
ক গৈ উৰি
সহিব নোৱাৰোঁ মই
যায় যদি মৰি |

ধুনীয়া পখিলাটিক
নকৰিব বেয়া
বপুৰী অকণমানি
কেনে ধেমেলীয়া |