Monday, December 17, 2018

ৰঙ (Rang)-কুহিঁপাঠ (kuhipat-assamese-poem) ||CRAZY ASSAM ||

ৰঙ


ৰঙা নীলা হালধীয়া
অকলশৰীয়া,
ৰঙা নীলা মিলি দুয়ো
 বেঙুনীয়া |
ৰঙাৰ সৈতে হালধীয়া
পালোঁ সুমথিৰা,
হালধীয়া নীলা মিলি
= সেউজীয়া |
ৰঙা নীল হালধীয়া
কৰিলে মিহল,
মটীয়া ৰংটি পাবা
ডাঠ বা পাতল