মাহবোৰৰ গীত
বহাগ মাহত গছৰ ডালত
ফুলে কপৌ ফুল,
জেঠ মহীয়া বেলিৰ তাপত
শৰীৰ বিয়াকুল |
আহাৰ মাহত গছত লাগে
আম কঠাল জাম,
শাঁওন মাহত বৰষুণত
সাধু শুনাই কাম |
ভাদ মাহত মহাপুৰুষ
দুয়জনাৰে তিথি,
আহিন মাহত দুৱৰি বন
হিমত থাকে তিতি |
কাতি মাহত আকাশ বন্তি
জ্বলাও শাৰি শাৰি,
আঘোন মাহত সোনালী ধান
পথাৰ থাকে ভৰি |
পুহমহীয়া জাৰত কপি
নিহালিখন লও,
মাঘ জে আমাৰ ভোগালি মাহ
বিহুৰ পিঠা খাও |
ফাগুন আহে পলাশ ফুলে
পছোৱা বতাহ বয়,
চ’তৰ শেষত নতুন বছৰ
আদৰি লবৰ হল |