মৰমৰ আই
কোনে মোক তুলি তালি কৰিলে ডাঙৰ
মৌসনা মিঠা মাতে পাহৰি ভাগৰ,
কৰিছিল স্নেহ মোক দুগালত চুমা খাই
- তেৱে মোৰ পূজনীয়া মৰমৰ আই
চেনেহৰ চকুপানী দাৰেৰে বোৱাই কোনে
মোক ৰাখিছিল বুকুত শুৱাই;
টোপনিত লালকাল মুখখনি চাই
- তেৱে মোৰ পুজনীয়া মৰমৰ আই ।
কান্দিছিলো যেবে নৰিয়াত দুখ পাই ;
একেথিৰে কোনে মুৰ মুখলৈ চাই
মৰু বুলি কান্দিছিল কাঢ়ি হুমুনিয়া
- তেৱে মোৰ পুজনীয়া মৰমৰ আই ।
হইছিলো থিয় যেৱে অত তত ধৰি
পৰিলেনো কোনে গই ততালিকে লৰি;
নিচুকাইছিল মোক নাম গুণ গাই
- তেৱে মোৰ পুজনীয়া মৰমৰ আই ।