Sunday, December 9, 2018

জোনবাই-কুহিঁপাঠ (kuhipat-assamese-poem) ||CRAZY ASSAM||

জোনবাই
  

জোনবাই ’- তৰা এটি দিয়া
এটি তৰা নালাগে দুটি তৰা দিয়া |
পাত নাই চোত নাই কিহতকৈ দিম ?

হালধীয়া চৰায়ে বাও ধান খায়
সাউদৰ পুতেকে নাও মেলি যায় |
নৱে বোলে তুলুং – ভুটুং
বঠই বোলে বাওঁ
গধূলিতে গধূলিতে দবা কোবাওঁ |



জোনবাই

  

জোনবাই ’- বেজী এটি দিয়া
বেজী নো কেলৈ – মোনা চিলাবলৈ,
মোনা নো কেলৈ –ধন ভৰাবলৈ,
ধন নো কেলৈ – হাতী কিনিবলৈ
হাতী নো কেলৈ – উঠি ফুৰিবলৈ,
হাতীত উঠি পানীৰাম গাৱলৈ যায়,
বাটৰ বটৰুৱাই ঘুৰি ঘুৰি চায়