Saturday, December 8, 2018

ঈশ্বৰ-কুহিঁপাঠ (kuhipat-assamese-poem) ||CRAZY ASSAM||

ঈশ্বৰ


নিচিনো তোমাক ক’ত আছা প্ৰভু
আমি অতি সৰু ল’ৰা |
চিয়ঁৰি চিয়ঁৰি মাতিলে তোমাক
নামাত দুৰৈৰ পৰা ||

নাজানো তোমাক মিনতি কৰিব
আমি অতি সৰু ল’ৰা
আছানেকি প্ৰভু সৰগত তুমি
হই জোন বেলি তৰা ||

নুবুজোঁ তোমাৰ মৰমৰ মাত
আমি অতি সৰু ল’ৰা |
ৰিণিকি ৰিণিকি সুৰ এটি আহে
জানো ক’ৰবাৰ পৰা ||

তথাপি তোমাক ভালপাওঁ প্ৰভু
আমি অতি সৰু ল’ৰা |
তোমাৰ চেনেহ দয়াৰে আমাৰ
বুকুখনি থাকে ভৰা ||

নোৱাৰোঁ বুজিব তোমাৰ মহিমা
আমি অতি সৰু ল’ৰা |
বিলোৱা হিয়াত মৰম জেউতি
নিতে আতঁৰৰ পৰা ||