Saturday, November 10, 2018

কোনে কি কয়?-কুহিঁপাঠ (kuhipat-assamese-poem)

কোনে কি কয়?

ঘড়ীটোৱে কয় শুনা
টিক্‌ টিক্‌ টিক্‌,
সময় গৈছে উৰি
ঠিক্‌ ঠিক্‌ ঠিক্‌ |

ভোমোৰাই কয় শুনা
কৰি গুণ্‌ গুণ্‌,
ফুটাই পঢ়িবা পাঠ
নাই ভুন ভুন্‌ |

পুৱাৰ নিয়ৰে কয়
টুপ্‌ টুপ্‌ টুপ্‌,
নজগাবা ভাইটিক
চুপ্‌ চুপ্‌ চুপ্‌ |