কাৰ কি মাত
বাঘ সিংহই গোজৰ মাৰে
পাৰই দিয়ে ৰুণ,
ভোমৰা আৰু মৌমাখিয়ে
কৰে গুণ্ গুণ |
শিয়ালে কৰে হোৱা হোৱা
কুকুৰ্বোৰে ভুকে,
মেকুৰীয়ে মিউ মিকে
ফুৰে চুকে চুকে|
ছাগলীয়ে বেবাই ফুৰে
গৰুৱে হেম্বেলিয়ায়,
কাউৰীবোৰে গছৰ আগত
থাকে ৰমলিয়াই |
চিৰিক চিৰিক্ কৰি মাতে
ঘৰ-চিৰিকা জাকে,
সোণ মইনাই কি কৰেনো?
কলকলাই থাকে |