জিভা-কেঁকুৰি
হলৌ উঠিল টকৌ গছত
লগাই খদৌ মদৌ,
জৌ জৌ কৈ সৰিল নিয়ৰ
হ’ল জলৌ জপৌ |
লাউ পুলি লৰাই ৰুলোঁ
ৰুলোঁ লৰাই লফা,
ঘুৰাই ঘুৰাই উৰাই ঘুৰাই
তাঘুৰ ঘূৰাই মাতা |
বগাকৈ বগলী বহলাই বহিছে
বলুকাত বিয়লি বেলা,
বকুল বাগৰিছে ববচা বনতে
বুটলি বিলাওঁগৈ ব’লা |