সুখ
সুখ সুখ বুলি মানুহ বলিয়া
নেদেখে সুখৰ মুখ;
সুখ বিচাৰোঁতে পায় সংসাৰত
দুখৰ উপৰি দুখ |
দেখেও নেদেখা কিয় দিন-কণা
সুখযে হাততে আছে;
যিটে’ দিব পাৰে স্বাৰ্থ বলিদান,
সুখ ফুৰে পাছে পাছে |
অকল নিজৰ নিমিত্তে নহয়
আমাৰ জীৱন ভাই,
পৰৰ কাৰণে খাটিব পাৰিলে
সংসাৰ সুখৰ ঠাই |
শক্তি-সামৰথ পৰৰ সুখত
বিলাব পাৰিলে ভাই
পৰৰ কাৰণে কান্দিব জানিলে
কান্দনোতো সুখ পায় |
সকলো আপোন যত নৰ-নাৰী;
কাকোন বুলিম পৰ?
পৰমপিতাৰ সকলো সন্তান
পৃথিৱী আমাৰ ঘৰ |
গাই-গোটা-পেটে ভঁৰাল ন’হবা |
লোকৰ দুখলৈ চোৱাঁ,
মানুহৰ সেৱা, মানুহৰ পূজা,
পৱিত্ৰ বৰত লোৱাঁ |
সুখৰ দুখৰ মনেই কাৰন
মনক কৰিবা থিত;
ত্যাগত লভিবা পৰম সন্তোষ
সাধিবা লোকৰ হিত |
স্বাৰ্থপৰ বাটত দুখৰ কাঁইট,
খোজে পতি বিন্ধে হুলে,
স্বাৰ্থপৰ বাট, সেন্দুৰিয়া আলি,
সুগন্ধি কুসুম ফুলে |
যথাৰ্থ নিঃস্বাৰ্থ ধৰমী জীৱন,
বিশ্ব-প্ৰেমে ভৰ-পূৰ,
বিশ্বৰ সকলো ভাই-ভনী তাৰ,
সুখৰ নপৰে ওৰ |
- আনন্দ চন্দ্ৰ আগৰৱালা