Tuesday, November 6, 2018

জীৱন সংগীত - আনন্দ চন্দ্ৰ আগৰৱালা

     জীৱন সংগীত 


শোকৰ কবিতা ৰচি দুধাৰি চকুলোঁ মচি
নকবা জীৱন মিছানিশাৰ সপোন |
অসাৰ স্ংসাৰ ভাই ইয়াত সকাম নাই
মোহময় মোহময় সকলো মাথোন ||

পুত্ৰ কন্যা পৰিবাৰ কোন তৱ তুমি কাৰ
বুলি হেৰা অকাৰ্য্যত নকৰা বেজাৰ |
কলা ঘুমটীয়া হই আতমা যে আছে ৰই
জানিবা মৰণ নাই এই আতমাৰ ||

অস্থায়ী মানৱ দেহা কৰিম দুদিন বেহা
ফুৰিম দুদিন মাথোঁ সংসাৰ হাটত |
দুদিনৰ অন্ত হলে আয়ুষ ঢুকাই গলে
সুন্দৰ দেহাৰ ঠাই শেষ শ্মশানত ||

চকু কান নাক যাব হাড় ছাল সং হব
মাটিৰ মানুহ তুমি মাটিত মিলিবা
অনিনাশী নিত্যধন অমৰণ অভগন
অনন্ত উন্নতিশীল আতমা জানিবা ||

সদায় চকুলো টোকা দুখত মগন থকা
ভোগ সুখ জীৱনৰ উদ্দেশ্য নহয়
এনেভাবে কাম কৰা দিনে দিনে আগবঢ়া
প্ৰিতিদিন খোজ যেন আগলৈহে যায় ||

পল পল দণ্ড কৰি সময় গৈছে উৰি
পাখি লগা কাঁড়ৰ নিচিনা অবিৰাম |
বহু দূৰ আছে গতি সময় তাকৰ অতি
কৰিব লগীয়া আমি আছে বহু কাম ||

দিন যায় আহে ৰাতি আয়ুষ গৈছে টুটি
লাহে লাহে চমু চাপি আহিছে মৰণ |
সংসাৰ যুজৰ ঠাই শুবৰ সকাম নাই
কাচি-পাৰি যুজা সৱে কৰি প্ৰাণ পণ ||

এলাহ নিহালি  থোৱা বীৰবেশ গাত লোৱা
নহবা মৰাৰ প্ৰায় মানুহ-সন্তান |
নঁহবা গৰুৰ দৰে খুচিলেহে খোজ ধৰে
ৰণত বীৰেন্দ্ৰ বুলি হোৱা খ্যাতিমান ||

কল্পনা চকুৰে চোৱা যেনেকে সুন্দৰ পোৱা
নকৰিবা ভবিষ্যক পতিয়ন |
অতীত মৰি গল তাৰ কথা অন্ত হ
মনৰ পৰাই তাক কৰা বিসৰ্জ্জন ||

যিহকে আগত পোৱা ততালিকে কৰি যোৱা
জীৱন্ত জাগ্ৰত বৰ্ত্তমান সময়ত |
সাহক সাৰথি কৰা কৰ্ত্তব্যৰ আগে লৰা
ঈশ্বৰ কৰুনাময় আছে ওপৰত ||
মহা মহা পুৰুষৰ চানেকিৰে জীৱনৰ
আমিও কৰিব পাৰোঁ জীৱন গঢ়িত |
অভিনয় শেষ হলে জীৱনৰ অন্তকালে
থই যব পাৰো খোজ সময় বালিত ||

কেতিয়াবা হব পাৰে কোনো দুৰ্ভগীয়া নৰে
জীবৱন সমুদ্ৰ মাজে নাও বুৰ গই |
অঠাই পানীত পৰি কক্‌ বক্‌ কৰি কৰি
ঢউৰ কোবত যদি আহি পাৰ পায় ||

দেখি সেই খোজবোৰ হব তাৰ আশা ঘোৰ
সাহ কৰি খোজে খোজে খোজ লব পাৰে |
তেনে হলে বলা ভাই শুবৰ সকাম নাই
অপূৰ্ব জেউতি চোঁৱা ‘উন্নতিৰ শিৰে ||

শিকা সৱে পৰিশ্ৰমশিকাঁহে নীতি-ধৰম
নেভাবিবা সুখ-দুখ কিনো কপালত |
কৰ্ত্তব্যৰ পাচে লৰা ক্ৰমাগত কাম কৰা

ফলাফল ফল দাতা বিভুৰ হাতত ||
                                                           - আনন্দ চন্দ্ৰ আগৰৱালা