Tuesday, November 6, 2018

আমাৰ গাঁও -আনন্দ চন্দ্ৰ আগৰৱালা

                                    আমাৰ গাঁও

শুৱনি আমাৰ     গাওঁখনি অতি
  শুৱনি গছৰে ভৰা,
ডাল ভৰি ভৰি      ফল ফুল লাগে
   কত পাও তল সৰা।

শুৱনি আমাৰ         ধাননি পথাৰ
ধানেৰে উপচি পৰে
শুৱনি নদীৰ      পানী ভৰা ঘ‌াট
মুদৈয়ে বেপাৰ কৰে।

চালত কোমোৰা       লাও, জিকা, ভোল
ভঁৰালত জহাধান,
গোহালিত গৰু        পুখুৰীত মাছ
বাৰীত তামোল পাণ।

গছৰ ডালত       শুৱনি চৰায়ে
শুৱলা সঙ্গীত গায়,
শাকনিত শাক      ফুলনিত ফুল
দেখিলে হিয়া জুৰাই |

ঘৰে ঘৰে ৰং      ধেমালিৰ হাট
ঘৰে ঘৰে হাঁহি মুখ,
ঘৰে ঘৰে ভাল      চেনেহা -চেনেহি
ঘৰে ঘৰে দেখোঁ সুখ।

ভাওনা সবাহ      গীত ভাল পোৱা
মধুৰ মুৰুলী তান,
দহোটাৰ কাম      একেজনে কৰা
চহাৰ সৰল প্ৰাণ।
                                                                 -আনন্দ চন্দ্ৰ আগৰৱালা