বাৰ মাহ
বাৰ মাহে বছৰেক শুনা ল'ৰাহঁত।
বছৰৰ আগ মাহ বিহু বহাগত॥
তাৰ পাছে জেঠ মাহ বাৰখৰ টান।
ৰ'দ আৰু পিয়াহত আতুৰ পৰাণ॥
শাওণত বৰষুণ দিয়ে ধাৰাসাৰ॥
খেতি-বাতি ভৰপক আম কঁঠালৰ।
ভাদত জানিবা তিথি মহাপুৰুষৰ॥
আহিনত ৰোৱা শেষ, কুঁৱলী কাতিত।
আঘোণত পকা ধান পথাৰ শোভিত॥
পুহ মাহ জাৰ কালি ধৰে ঠেঁটুৱাই।
মাঘৰ ভোগালী বিহু খেতিক চপায়॥
ফাগুনত দিন জাৰ বতাহ সদায়।
চ'তত মাহৰ শেষ বছৰ বিদায়॥
গছ-লতা জক মক কুঁহি ফুলপাত।
মাণিকী মধুৰী মউ কু-উ-কু-উ মাত॥
-আনন্দ চন্দ্ৰ আগৰৱালা