শুনিছোঁ সুখৰ ঠাই তোমাৰ মুখতকোৱা আই ! সেই ঠাই আছে বাৰু ক’ত?
কোৱা সি জেউতি ভৰা দেশ ক’ত বাৰু?
আমিনো বিচাৰি তাক নেপামনে আৰুকমলৰ ফুল য’ত অলেখ ফুলিছে,
গছৰ ডালৰ মাজে জোনাকী নাচিছে,
তাতে নে সুখৰ ঠাই কোৱা মোক আই?
- নহয় নহয় তাত সাদৰী সোণাই |
দীঘল পাতেৰে য’ত আছে বহু তাল,
ৰ’দৰ তাপত পকে খাজুৰি ৰসাল;
নীল সাগৰত থকা মাজুলী বোৰতসুন্দৰ সুগন্ধি নানা ফুল ফুলে য’ত;
ফুলাম পাখিৰে য’ত পাখীবোৰ উৰে –
তাতে নে সুখৰ ঠাই কোৱা মোক আই?
- নহয় নহয় তাত সাদৰী সোণাই |
তেন্তে কি সি ঠাই, আই ! দূৰ অতিশয়সোণালী বালিৰ মাজে নই য’ত বয় |
চৰিছে জেউতি য’ত পদ্মৰাগ মণি;
পোহৰে হীৰাই য’ত নিৰ্জন খনি;
পোৱাল-বন্ধোৱা পাৰ নীল সাগৰৰআছে য’ত শোভ কৰি মুকুতা আঁকৰতাতে নে সুখৰ ঠাই কোৱা মোক আই?
- নহয় নহয় তাত সাদৰী সোণাই |
চকুৰে নেদেখি সোণ, সি সুখৰ স্থানকানেৰে নুশুনি সেই আনন্দৰ গান;
সপোনৰ অগোচৰ সি সুখৰ ঠাইৰোগ শোক জৰা মৃত্যুত যি দেশত নাই;
বিনাশী কালৰ তাত অধিকাৰ নাই;
আকাশৰ ওপৰত সি সুখৰ ঠাই |
অমৰ সৌন্দৰ্য তাত বিৰাজে সদায়,
চিৰসুখ চিৰশান্তি সাদৰী সোণাই
- আনন্দ চন্দ্ৰ আগৰৱালা