মালতী
পূবৰে ৰ’দত চিক্মিক্ কৰিছে
লুইতৰে পাৰৰে বালি;
আকশত উড়িছে তেনে চিকেমিকাই
বগলি জাকৰে লালী |
পাৰতে ক’হুয়াৰ ফুলে চিকেমিকাই
পানীতে ফটিকৰ জোল,
মালতীৰ হাঁহিতে দাঁতে চিকেমিকাই
দেখোঁতেই অমোলমোল |
লুইতৰ কুৱৰী নহয় ঐ মালতী
নহয় তেওঁ ফুলৰে ৰাণী:
আকশী পোহৰৰ নহয় তেওঁ প্ৰতিমা,
নহয় তেওঁ বীণৰে বাণী
পৰ্বতৰ জীয়ৰী সুন্দৰী গৌৰী
সাঁচত মোৰ মালতী নাই;
নুশুঙা ফুলটিৰ নুফুলা কলিটিৰ
মালতীত তুলনা পায় |
ভৱৰে প্ৰতিমা ভাৱতে বাঢ়িছে
ভাৱতে বেহানি কৰে;
বুকুৰে ভিতৰত চেনেহৰ সঁফুৰাত
মালতীৰ চেনেহকণ চৰে |
চাম মই মালতীক ওৰে জীৱন জুৰি
থম মোৰ বুকুতে বান্ধি;
মালতীৰ হাঁহিতে হাঁহিটি মিলাই মই
থাকিম কান্দোনত কান্দি |
চেনেহী মালতীৰ কোলাত থৈ মূৰটি
মুদিম দুই চকুৰে পটা;
নিঠুৰ এই জগতৰ মেলানি মাগি ল’ম
ঢুকাব সকলো কথা |
– লক্ষ্মীনাথ বেজবৰুৱা