Wednesday, October 3, 2018

বসন্ত (boxonta)– ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা

        
 লক্ষ্মীনাথ বেজবৰুৱা
ৰসৰাজলক্ষ্মীনাথ বেজবৰুৱা 
 

    বসন্ত


মালতী ফুলিল, সেউতী উঠিল,
কেতেকী গা-মুৰি দিলে,
সুৰীয়া কুলিয়ে গল কঁপাই গাই
বননিৰ বাতৰি দিলে |
বকুলে সিঁচিলে তৰা একোকণি
মদাৰে খেলিলে ফাঁকু,
যুতি ফুলজুপি নিশাহ এৰিলে
পদুমে মেলিলে চকু |
থুৰিত কৰবীয়ে সাঁচিলে মৌ টুপি
ভুমিয়ে মেলিলে চঁপা,
চৰাই হালধীয়া মৌ – মতলীয়া
উলটি কৰিলে কৃপা |

                                                                – লক্ষ্মীনাথ বেজবৰুৱা