Wednesday, October 10, 2018

পূৰ্ণিমা-নলিনীবালা দেৱী

পূৰ্ণিমা

কোন স্বৰগৰ তুমি সৌন্দৰ্যৰ ৰাণী
শাৰদৰ পূৰ্ণিমা সুন্দৰী;
ঢালিছা ৰূপৰ ঢল মৰত বুকুত,
অমিয়াৰ তুলিছা লহৰী।

বিৰখ-লতাই সানি ৰূপালী ৰহণ
আকাশত নাচিছে তৰাই;
পাতিছা মোহন মেলা তুমি ধৰণীত
উছৱৰ মুৰুলী বজাই।

তুমি মোৰ দীঘলীয়া এন্ধাৰ নিশাৰ
মৌ-সনা জোনাকী লাহৰী;
তোমাৰ মোহন ৰূপ দেখিলে সাদৰী
যাঁও যেন নিজকে পাহৰি।

তোমাৰ জোনাক ধাৰা আঁজলি ভৰাই 
ঢালি দিছা শৰীৰ জুৰাই;
উজাগৰে ওৰে ৰাতি আকাশী ৰথত 
অমিয়াৰ নিজৰা বিলাই।

বিনিদ্ৰ ৰজনী কত কঁটাও তোমাৰে
কথা পাতি তোমাৰ লগত;
প্ৰিয় সখী দৰে তুমি শীতলী পৰশ
সানি দিয়া চুমা-পৰশত।

ল'ৰালিৰ যৌৱনত চিৰ লগৰীয়া-
কত খেলা খেলিলোঁ নিৰলে;
প্ৰাণৰ বাতৰি কত স্মৃতিৰ লালিমা
জানা মাথো তুমিয়ে অকলে।

কতদিন চোতালত তোমাৰ লগত 
পাতিছিলো কত মোৰ কথা,
তোমাৰ শুৱনী মুখ দেখিলে হিয়াত
জাগি উঠে পাহৰণ বেথা।

স্বৰ্গৰ উৰ্বশী তুমি   অনন্ত যৌৱনা,
আছা সেই একেই ৰূপত;
কত ৰূপান্তৰ হল তোমাৰ আগত 
জন্ম-মৃত্যু অলেখ অযুত। 

হাঁহিছা মোহন হাঁহি দূৰ নীলিমাত
স্বৰগৰ মাধুৰী বিলাই;
শতেক হিয়াৰ পাই ভাবৰ সংকেত 
নিৰলে হাঁহিছে মিচিকাই।
                                                                     -নলিনীবালা দেৱী